১ কোটি টকাৰ সম্পদ গঢ়িবলৈ কিমান SIP প্ৰয়োজন? সম্পূৰ্ণ গাইড

২৭ জুলাই, ২০২৬

১ কোটি টকা—এটা সপোন নে বাস্তৱ লক্ষ্য? 

বহুতেই কয়—

"মই ১ কোটি টকাৰ মালিক হ'ব বিচাৰো।"
কিন্তু খুব কম লোকেই ভাবে—
  • ১ কোটি টকা কেনেকৈ গঢ়ি তুলিব?
  • কিমান SIP আৰম্ভ কৰিব লাগিব?
  • কিমান বছৰৰ বাবে বিনিয়োগ কৰিব লাগিব?
  • সময়ৰ প্ৰভাৱ কিমান?
আচলতে, ১ কোটি টকাৰ Corpus গঢ়াটো অসম্ভৱ নহয়। সঠিক পৰিকল্পনা, নিয়মীয়া SIP আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ অভ্যাসে এই লক্ষ্য বাস্তৱায়িত কৰিব পাৰে।
১ কোটি টকাৰ লক্ষ্য কিয় নিৰ্ধাৰণ কৰিব? 

১ কোটি টকাৰ Corpus কেৱল এটা সংখ্যা নহয়। ই বহু জীৱন লক্ষ্য পূৰণ কৰিব পাৰে। যেনে—

  • অৱসৰৰ পৰিকল্পনা
  • সন্তানের উচ্চ শিক্ষা
  • সপোনৰ ঘৰ
  • আৰ্থিক স্বাধীনতা
  • ভৱিষ্যতৰ নিৰাপত্তা
অৰ্থাৎ, লক্ষ্যটো কেৱল "১ কোটি" নহয়, লক্ষ্য হৈছে আৰ্থিক স্বাধীনতা।
১ কোটি টকাৰ বাবে কিমান SIP লাগিব? 

এই প্ৰশ্নৰ একেটা উত্তৰ নাই। ই নিৰ্ভৰ কৰে—

  • কিমান বছৰৰ পিছত ১ কোটি টকা বিচাৰে
  • SIP কেতিয়া আৰম্ভ কৰিছে
  • সম্ভাব্য বিনিয়োগৰ লাভ (Expected Return)
উদাহৰণস্বৰূপে— 

একেজন ব্যক্তিয়ে যদি ১০ বছৰত ১ কোটি টকাৰ লক্ষ্য ৰাখে, তেন্তে তেওঁক বহুত বেছি SIP কৰিব লাগিব। কিন্তু যদি একে লক্ষ্য ২০ বা ২৫ বছৰৰ বাবে হয়, তেন্তে প্ৰয়োজনীয় SIP যথেষ্ট কম হ'ব পাৰে। সময় বাঢ়িলে Compoundingৰ শক্তিও বহুগুণ বৃদ্ধি পায়।


সময় Compoundingৰ আটাইতকৈ ডাঙৰ বন্ধু 

ধৰি লওক দুজন ব্যক্তিৰ লক্ষ্য একেই— ১ কোটি টকা। প্ৰথমজনে ২৫ বছৰ বয়সত SIP আৰম্ভ কৰিলে। দ্বিতীয়জনে ৩৫ বছৰ বয়সত আৰম্ভ কৰিলে। একে লক্ষ্য পূৰণ কৰিবলৈ দ্বিতীয়জনৰ SIP লাগিব প্ৰায় ৪,৫০০ টকা কিন্তু প্ৰথমজনে মাত্ৰ ১,২০০ টকাৰ SIP কৰিলে হৈ যাব পাৰে। সেয়েহে—

সোনকালে আৰম্ভ = কম SIP + অধিক Compounding

SIP নে একেলগে (Lumpsum) বিনিয়োগ?

যদি আপুনি নিয়মীয়া আয় কৰে, তেন্তে SIP এটা শৃংখলাবদ্ধ আৰু সুবিধাজনক উপায়। ইয়াৰ সুবিধাসমূহ— ✔ নিয়মীয়া সঞ্চয়ৰ অভ্যাস ✔ Rupee Cost Averaging ✔ Compoundingৰ সুবিধা ✔ ডাঙৰ পৰিমানৰ ধন একেলগে বিনিয়োগ কৰাৰ প্ৰয়োজন নাই


📊 ১ কোটি টকাৰ বাবে কিমান SIP লাগিব? 

গণনা কৰি জানক অনুমানৰ ওপৰত সিদ্ধান্ত নলৱ। মোৰ Wealth Goal Planning Calculator ব্যৱহাৰ কৰি জানক—

  • লক্ষ্য Corpus
  • কিমান বছৰৰ ভিতৰত লক্ষ্য পূৰণ কৰিব
  • কিমান SIP প্ৰয়োজন
  • সম্ভাব্য বিনিয়োগ
👉 Wealth Goal Planning Calculator https://invest.rajivlb.co.in/wealth-goal-planner
১ কোটি টকাৰ লক্ষ্য পূৰণৰ বাবে ৫টা গুৰুত্বপূৰ্ণ পৰামৰ্শ 

১. যিমান সোনকালে আৰম্ভ কৰক Compoundingৰ বাবে সময় অধিক পাব। ২. নিয়মীয়াকৈ SIP কৰক 

বজাৰ উঠা-নমা হ'লেও SIP বন্ধ নকৰিব।

৩. আয় বৃদ্ধি হ'লে SIP বৃদ্ধি কৰক প্ৰতি বছৰে SIP কিছু বৃদ্ধি কৰিলে লক্ষ্য সোনকালে পূৰণ হ'ব পাৰে। ৪. লক্ষ্য অনুসৰি Portfolio Review কৰক 

বছৰত অন্তত এবাৰ আপোনাৰ বিনিয়োগ পৰ্যালোচনা কৰক। ৫. লক্ষ্যভিত্তিক Financial Planning কৰক 

প্ৰত্যেক লক্ষ্যৰ বাবে পৃথক বিনিয়োগ পৰিকল্পনা থাকিব লাগে।


সাধাৰণ ভুলসমূহ 

❌ বেছি দেৰিকৈ বিনিয়োগ আৰম্ভ কৰা ❌ লক্ষ্য নথকাকৈ বিনিয়োগ কৰা ❌ বজাৰ নামিলে SIP বন্ধ কৰা ❌ সকলো টকা একেটা Assetত বিনিয়োগ কৰা ❌ বছৰে বছৰে Review নকৰা


ব্যক্তিগত Wealth Planning বিচাৰে নেকি? 

প্ৰত্যেক ব্যক্তিৰ—

  • আয়
  • লক্ষ্য
  • সময়সীমা
  • আশংকা গ্ৰহণ ক্ষমতা
বেলেগ। 

সেয়েহে একে Investment Strategy সকলোৰে বাবে উপযুক্ত নহয়। যদি আপুনি—

  • ১ কোটি টকাৰ লক্ষ্য
  • Financial Freedom
  • Goal-Based Investing
  • Mutual Fund Planning
সম্পৰ্কে ব্যক্তিগত পৰামৰ্শ বিচাৰে, তেন্তে মোৰ লগত One-to-One Free Consultation বুক কৰিব পাৰে।

  🤝 RLBR Meet Consultation বুক কৰক 

ব্যক্তিগত Financial Planning Sessionৰ বাবে— 

👉 https://cosmofeed.com/bookings/rajivlb


সাৰাংশ

১ কোটি টকাৰ Corpus গঢ়াটো ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে। 

ই নিৰ্ভৰ কৰে—

  • সঠিক লক্ষ্য
  • সময়
  • নিয়মীয়া SIP
  • ধৈৰ্য
  • Compounding
আজিয়েই আৰম্ভ কৰক। যিমান সোনকালে আৰম্ভ কৰিব, সিমান সহজে লক্ষ্যত উপনীত হ'ব।
আপোনাৰ বাবে দুটা পৰৱৰ্তী পদক্ষেপ 

📊 ১. প্ৰথমে জানক কিমান SIP লাগিব 

👉 Wealth Goal Planning Calculator
https://invest.rajivlb.co.in/wealth-goal-planner


🤝 ২. ব্যক্তিগত Financial Planning Consultation লওক 

👉 RLBR Meet Consultation
https://cosmofeed.com/bookings/rajivlb

Dr. Rajiv LB Roy
AMFI Registered Mutual Fund Distributor, ARN-144296 | Certified Research Analyst - NISM Series XV