There are no items in your cart
Add More
Add More
Item Details | Price |
---|
আপোনাৰ সম্পদ বৃদ্ধি কৰক: ছুইং ট্ৰেডিঙৰ কলা আয়ত্ত কৰক আৰু পাৰ্ট টাইম ট্ৰেডিং কৰি এটা লাভজনক বিনিয়োগ পৰ্টফলিঅ' গঢ়ি তোলক।
যদি আপুনি এজন পেছাদাৰী বা দৰমহাপ্ৰাপ্ত কৰ্মচাৰী আৰু আপুনি শ্বেয়াৰ বজাৰৰ পৰা অতিৰিক্ত আয় কৰিব বিচাৰে তেন্তে এই পাঠ্যক্ৰম আপোনাৰ সৰ্বোত্তম পছন্দ হ'ব পাৰে| ইয়াত আপুনি Swing Trading কি আৰু কিছুমান সহজ আৰু ফলপ্ৰসূ Swing trading strategy ৰ জৰিয়তে Stock Market ৰ পৰা কেনেকৈ উপাৰ্জন কৰিব পাৰি সেই বিষয়ে জানিব পাৰিব | আৰু আটাইতকৈ ভাল কথাটো হ'ল যে swing trading ৰ জৰিয়তে ধন উপাৰ্জন কৰিবলৈ গোটেই দিনটো কম্পিউটাৰৰ পৰ্দাৰ সন্মুখত বহি থাকিব নালাগে | কেৱল আপুনি কম মূল্যত এটা ষ্টক কিনিব লাগিব আৰু অধিক মূল্যত বিক্ৰী কৰিব লাগিব। ইমানেই ...
পাঠ্যক্ৰমৰ বিষয়বস্তু -
Swing Trading ত সফলতাৰ মূল চাবিকাঠি
ড° ৰাজীৱ এল. বি. ৰয়ে শ্বেয়াৰ মাৰ্কেটৰ জগতখনত ২০০৯ চনত প্ৰথম খোজ পেলায়। লগে লগে এই বিচিত্ৰপূৰ্ণ জগতখনৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হৈ পৰে। মেকানিকেল ইজ্ঞিনিয়াৰীঙৰ ডক্টৰেট ডিগ্ৰীধাৰী ৰয়ে বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে সাতবছৰৰ অভিজ্ঞতাৰে পুষ্ট হোৱাৰ উপৰিও দুবছৰৰ বাবে তেল উদ্যোগতো সেৱা আগবঢ়ায়। ২০১৬ চনত চাকৰীৰ মোহ ত্যাগ কৰি শ্বেয়াৰ মাৰ্কেটৰ জগতখনত তেঁও পূৰ্ণকালীন অংশীদাৰী হৈ পৰে। ড° ৰয়ে ভাৰতীয় শ্বেয়াৰ বজাৰ বিষয়ত চাৰিখন গ্ৰন্থ ইংৰাজী ভাষাত ইতিমধ্যে লিখি উলিয়াইছে। এই গ্ৰন্থ কেইখনৰ Day Trading for a Living, Option Chain Analysis, Option Strategies with Adjustments আৰু The Bhagavad Gita of Option Trading আদিয়ে শ্বেয়াৰ মাৰ্কেটৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিস্তৃত বিশ্লেষণ আগবঢ়াইছে। এই গ্ৰন্থসমূহ Amozonত উপলব্ধ। ইয়াৰোপৰি, তেওঁৰ "দালাল পথত এভুমুকি" আৰু "জীৱিকাৰ বাবে ডে-ট্ৰেডিং" নামেৰে দুখন অসমীয়া কিতাপো আছে।
ড° ৰয়ৰ দুটা নিজা ইউটিউব চেনেল “Updex” আৰু “Updex Assamese”ৰ যোগেদি হিন্দী আৰু অসমীয়া ভাষাত ট্ৰেডিং কৌশলসমূহ দৰ্শকক সহজলভ্য কৰি তুলিছে। দৰ্শকৰ মাজত দুয়োটা চেনেল সমানেই জনপ্ৰিয়। ড° ৰয়ে ইতিমধ্যে মিউচুয়েল ফাণ্ড বিতৰণ কাৰ্যৰ বাবে NISM (National Institute of Securities Market)ৰ পৰা প্ৰমানপত্ৰ লাভ কৰিছে। তেঁও এজন NISM প্ৰমানিত Equity Research Analystও হয়। এইবোৰ স্বীকৃতিয়ে তেঁওক শ্বেয়াৰ মাৰ্কেটৰ জগতখনৰ এগৰাকী যোগ্য ব্যক্তি হিচাপে প্ৰমান কৰে।